৪১. উচ্চ ন্যায়ালয়ে তলৰ কোনটো লেখ জাৰি কৰি কোনো কর্তৃপক্ষৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত নপৰা কাম কৰাত বাধা দিব পাৰে?
- (ক) নিষেধাজ্ঞা
- (খ) পৰমাধিদেশ
- (গ) কৈফিয়ৎ তলবী
- (ঘ) উৎপ্রেষণ
৪২. তলৰ কোনটো লেখ প্রয়োগ কৰি উচ্চ আদালতে নিম্ন আদালতৰ কোনো গোচৰৰ তথ্যপাতি উচ্চ আদালতলৈ পঠিয়াবলৈ ক'ব পাৰে, যিহেতু তেনে নিম্ন আদালতৰ উল্লেখিত গোচৰত সিদ্ধান্ত দিয়াৰ কর্তৃত্ব নাই?
- (ক) কৈফিয়ৎ তলবী
- (খ) উৎপ্রেষণ
- (গ) নিষেধাজ্ঞা
- (ঘ) পৰমাধিদেশ
৪৩. তলৰ কোনটো অধিকাৰ ভাৰতত থকা ভাৰতীয় নাগৰিক আৰু বিদেশী উভয়ে ভোগ কৰিব পাৰে?
- (ক) সমতাৰ অধিকাৰ
- (খ) শোষণৰ বিৰুদ্ধে অধিকাৰ
- (গ) ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ
- (ঘ) ধর্মীয় অধিকাৰ
৪৪. নাগৰিকৰ মৌলিক কর্তব্যবোৰ--
- (ক) মূল সংবিধানৰ অংশ
- (খ) ৪৪ তম সংশোধনীৰ দ্বাৰা অন্তর্ভুক্ত কৰা
- (গ) ৪২ তম সংশোধনীৰ দ্বাৰা অন্তর্ভুক্ত কৰা
- (ঘ) এটাও নহয়।
৪৫. তলৰ কোন অনুচ্ছেদে মৌলিক কৰ্তব্যৰ ৰূপৰেখা দিয়ে?
- (ক) ৫১ (ক) অনুচ্ছেদ
- (খ) ৪৫ (ক) অনুচ্ছেদ
- (গ) ৫১ (গ) অনুচ্ছেদ
- (ঘ) ১৬৫ (ক) অনুচ্ছেদ
৪৬. ভাৰতৰ সংবিধানত নাগৰিকৰ কিমানটা মৌলিক কর্তব্য সন্নিবিষ্ট কৰা হৈছে?
- (ক) ৭ টা
- (খ) ১২ টা
- (গ) ১১ টা
- (ঘ) ১০ টা
৪৭. তলৰ কোনটো মৌলিক কর্তব্যৰ ক্ষেত্রত প্রযোজ্য নহয়?
- (ক) ইয়াক ন্যায়ালয়ৰ দ্বাৰা বলবৎ কৰিব পাৰি
- (খ) ইয়াক ন্যায়ালয়ৰ দ্বাৰা বলবৎ কৰিব নোৱাৰি।
- (গ) ইয়াক নামানিলে শাস্তি বিধান নাই
- (ঘ) বিধিগত শাস্তি নাই
৪৮. ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰাটো পিতৃ-মাতৃ বা অভিভাৱকৰ মৌলিক কর্তব্য। সংবিধানৰ কোনটো সংশোধনী মতেই কার্যকৰী হৈছে-
- (ক) ৮৬ তম সংশোধনী
- (খ) ৪৫ তম সংশোধনী
- (গ) ৪২ তম সংশোধনী
- (ঘ) ৫১ তম সংশোধনী
৪৯. মৌলিক কর্তব্যসমূহ লিপিবদ্ধ হৈ আছে-
- (ক) সংবিধানৰ চতুর্থ (ক) অংশত
- (খ) সংবিধানৰ পঞ্চম (ক) অংশত
- (গ) সংবিধানৰ ষষ্ঠ (ক) অংশত
- (ঘ) সংবিধানৰ তৃতীয় অংশত -
৫০. নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক হ'ল-
- (ক) চৰকাৰ
- (খ) ৰাষ্ট্ৰপতি
- (গ) উচ্চতম ন্যায়ালয়
- (ঘ) ৰাজ্যপাল
৫১. ভাৰতৰ সংসদ তলৰ কোনটোৰ আর্হিত গঠিত?
- (ক) বৃটিছ
- (খ) আমেৰিকা
- (গ) ফ্রান্স
- (ঘ) কানাডা
৫২. ভাৰতীয় সংবিধানে বিধানমণ্ডলৰ ব্যৱস্থা ৰাখিছে-
- (ক) কেন্দ্ৰ আৰু ৰাজ্য উভয়তে
- (খ) কেৱল কেন্দ্ৰত
- (গ) কেৱল ৰাজ্যত
- (ঘ) কেন্দ্র আৰু কিছুমান ৰাজ্যত
৫৩. ভাৰতীয় সদনৰ কোনটো সদন জনপ্রিয়-
- (ক) লোকসভা
- (খ) ৰাজ্যসভা
- (গ) লোকসভা আৰু ৰাজ্যসভা
- (ঘ) দুয়োখন সদনেই নহয়
৫৪. বর্তমান লোকসভাৰ সদস্যৰ সংখ্যা হ'ল-
- (ক) ৫০০ জন
- (খ) ৫৫০ জন
- (গ) ৫৪৫ জন
- (ঘ) ৫২৫ জন
৫৫. তলৰ কোনটোৰ ভিত্তিত লোকসভাত ৰাজ্যসমূহৰ আসন নির্ধাৰণ হয়?
- (ক) জনসংখ্যা আৰু অর্থনৈতিক অৱস্থা
- (খ) জনসংখ্যা
- (গ) জনসংখ্যা শিক্ষিতৰ হাৰ
- (ঘ) জনসংখ্যা আৰু পৰিয়ালৰ অৱস্থা
৫৬. লোকসভাত কেন্দ্রীয় শাসিত অঞ্চলৰ পৰা থকা মুঠ সদস্য সংখ্যা হ'ল-
- (ক) ১০
- (খ) ২৫
- (গ) ২০
- (ঘ) ৪৫৫
৫৭. ভাৰতীয় সংসদ গঠিত হৈছে-
- (ক) ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা
- (খ) লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা
- (গ) লোকসভা, ৰাজ্যসভা আৰু প্ৰধানমন্ত্ৰীৰ দ্বাৰা
- (ঘ) লোকসভা, ৰাজ্যসভা আৰু মন্ত্ৰী পৰিষদৰ দ্বাৰা
৫৮. লোকসভালৈ ৰাষ্ট্ৰপতিয়ে সর্বাধিক কেইজন এংলো- ভাৰতীয় সম্প্ৰদায়ৰ প্ৰতিনিধি মনোনীত কৰিব পাৰে?
- (ক) ৩ জন
- (খ) ২ জন
- (গ) ৪ জন
- (ঘ) ১২ জন
৫৯. সাধাৰণতে লোকসভাৰ কাৰ্যকাল-
- (ক) ৪ বছৰ
- (খ) ৬ বছৰ
- (গ) ৫ বছৰ
- (ঘ) ৭ বছৰ
৬০. কার্যকাল শেষ হোৱাৰ পূর্বে লোকসভা ভংগ কৰিব পাৰে-
- (ক) ৰাষ্ট্ৰপতিয়ে নিজৰ ক্ষমতাৰে
- (খ) মন্ত্ৰী পৰিষদৰ উপদেশ মতে ৰাষ্ট্ৰপতিয়ে
- (গ) ৰাজ্যসভাৰ সদস্যসকলে
- (ঘ) প্রধানমন্ত্রীয়ে
Indian Politics GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Assam Geography GK
Quiz: