১৬১. স্বাধীন ভাৰতৰ প্ৰথম ঔদ্যোগিক নীতি গ্রহণ কৰা বছৰটো হ'ল-
- (ক) ১৯৪৮ চন
- (খ) ১৯৫১ চন
- (গ) ১৯৫৪ চন
- (ঘ) ১৯৫৬ চন
১৬২. ১৯৯৭, ৭ আগষ্ট তাৰিখে গঠন হোৱা অ-বিনিয়োগ আয়োগৰ মুৰব্বীজন হ'ল-
- (ক) জি. ভি ৰামকৃষ্ণণ
- (খ) এম ডি ননজুদাপ্পা
- (গ) সুৰেশ তেণ্ডুলকাৰ
- (ঘ) এম আৰ আৰ নায়াৰ
১৬৩. স্বাধীনোত্তৰ কালছোৱাত ভাৰতীয় অর্থনীতিৰ নিম্নলিখিত কোনটো খণ্ডই আটাইতকৈ কম সম্প্ৰসাৰণ লাভ কৰিছিল?
- ক) ৰাসায়নিক দ্রব্য
- (খ) কয়লাৰ খনি
- (গ) মটৰ গাড়ী
- (ঘ) তীখা আৰু লো
১৬৪. তলৰ ভূমিগোটসমূহৰ কোনটোৱে ভাৰতৰ মুঠ খণ্ডৰ সৰ্বাধিক অংশ আগুৰি আছে-
- (ক) প্রান্তিক ভূমি গোট
- (খ) ক্ষুদ্র ভূমি গোট
- (গ) মজলীয়া ভূমি গোট
- (ঘ) বৃহৎ ভূমি গোট
১৬৫. তলৰ কোনটো পৰিকল্পনাত ভাৰতৰ বাৰ্ষিক জাতীয় আয় বৃদ্ধিৰ হাৰ সৰ্বনিম্ন বুলি বিবেচিত হৈছিল?
- (ক) তৃতীয় পঞ্চবার্ষিক পৰিকল্পনা
- (খ) চতুর্থ পঞ্চবার্ষিক পৰিকল্পনা
- (গ) পঞ্চম পঞ্চবার্ষিক পৰিকল্পনা
- (ঘ) ষষ্ঠ পঞ্চবার্ষিক পৰিকল্পনা
১৬৬. ভাৰতৰ ৰপ্তানিজাত দ্ৰব্যৰ দ্রুত বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ এটা কাৰক হ'ল-
- (ক) আমদানিৰ ওপৰত ধাৰ্য কৰা কৰ
- (খ) ভাৰতীয় অর্থনীতিৰ উদাৰীকৰণ
- (গ) বিশ্বৰ আন আন দেশৰ অৰ্থনৈতিক অবৰোহণ
- (ঘ) ৰপ্তানি জাতীয় দ্রব্যৰ গুণা গুণৰ দ্রুত পৰিবৰ্তন
১৬৭. 'Poverty and In-British Rule in India' নামৰ কিতাপখনৰ লিখকজন হ'ল-
- (ক) জি বি পণ্ট
- (খ) মহাত্মা গান্ধী
- (গ) জৱাহৰলাল নেহৰু
- (ঘ) দাদাভাই নৌৰজী
১৬৮. তলৰ কোনটো ভাৰতীয় অর্থনীতিৰ বৈশিষ্ট্য নহয়?
- (ক) ছদ্মবেশী নিবনুৱা
- (খ) প্ৰযুক্তিৰ পিছপৰা অৱস্থা
- (গ) শ্ৰমিকৰ উচ্চ হাৰৰ গতিশীলতা
- (ঘ) মূলধনৰ নাটনি
১৬৯. ভাৰতীয় জনসংখ্যাৰ কৃষি খণ্ডত নিয়োজিত লোকৰ সংখ্যা হ'ল-
- (ক) দুই তৃতীয়াংশতকৈ বেছি
- (খ) দুই-তৃতীয়াংশতকৈ কম
- (গ) তিনি চতুর্থাংশতকৈ বেছি
- (ঘ) তিনি চতুর্থাংশতকৈ কম
১৭০. জনসংখ্যাৰ দিশৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত কোন স্থানত অৱস্থিত?
- (ক) প্রথম অৱস্থা
- (খ) দ্বিতীয় স্থানত
- (গ) তৃতীয় স্থানত
- (ঘ) ওপৰৰ এটাও নহয়
১৭১. তলৰ কোনটো ভাৰতৰ নিবনুৱা সমস্যাৰ কাৰণ হিচাপে গণ্য কৰা হয়?
- (ক) নিম্ন উন্নয়নৰ হাৰ
- (খ) জনসংখ্যাব দ্রুতি বৃদ্ধি
- (গ) আসোঁৱাহযুক্ত শিক্ষা ব্যৱস্থা
- (ঘ) ওপৰৰ আটাইবোৰ
১৭২. তলৰ কোনটো সমস্যা সমাধানৰ বাবে 'ভাগৱতী কমিটী' গঠন কৰা হৈছিল?
- (ক) জনসংখ্যা বৃদ্ধিৰ সমস্যা
- (খ) ভূমি সংস্কাৰৰ সমস্যা
- (গ) দৰিদ্ৰতাৰ সমস্যা
- (ঘ) নিবনুৱা সমস্যা
১৭৩. 'কামৰ বাবে খাদ্য' নামৰ আঁচনিখন আৰম্ভ কৰা পৰিকল্পনাখন হ'ল-
- (ক) তৃতীয় পঞ্চবার্ষিক পৰিকল্পনা
- (খ) চতুর্থ পঞ্চবার্ষিক পৰিকল্পনা
- (গ) পঞ্চম পঞ্চবার্ষিক পৰিকল্পনা
- (ঘ) ষষ্ঠ পঞ্চবার্ষিক পৰিকল্পনা
১৭৪. Planned Economy for India নামৰ গ্ৰন্থখনৰ লিখকজন হ'ল-
- (ক) এম ভিবেশৰায়া
- (খ) মহাত্মা গান্ধী
- (গ) জৱাহৰলাল নেহৰু
- (ঘ) মৌলানা আবুল কালাম আজাদ
১৭৫. তলৰ কোনটো কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ আহৰণৰ সবাতোকৈ গুৰুত্বপূর্ণ উৎস
- (ক) নিগম কৰ
- (খ) আয়কৰ
- (গ) কেন্দ্রীয় আবকাৰী কৰ
- (ঘ) সীমান্ত শুল্ক
১৭৬. ভাৰতৰ পৰিকল্পনা আয়োগ গঠন হোৱা বৰ্ষটো হ'ল-
- (ক) ১৯৪৮ চন
- (খ) ১৯৫০ চন
- (গ) ১৯৫২ চন
- (ঘ) ১৯৫৪ চন
১৭৭. তলৰ কোনটো ভাৰতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ লক্ষ্য নহয়?
- (ক) অর্থনৈতিক উন্নয়ন
- (খ) আত্মনিৰ্ভৰশীলতা
- (গ) সামাজিক ন্যায় প্রতিষ্ঠা
- (ঘ) ৰপ্তানি হ্রাসকৰণ
১৭৮. কোনখন পৰিকল্পনাত আত্মনিৰ্ভৰশীলতাৰ ওপৰত পোনপ্রথমে গুৰুত্ব প্রদান কৰা হৈছিল?
- (ক) দ্বিতীয় পরিকল্পনা
- (খ) তৃতীয় পৰিকল্পনা
- (গ) চতুর্থ পৰিকল্পনা
- (ঘ) পঞ্চম পৰিকল্পনা
১৭৯. তলৰ কোনটোৰ দ্বাৰা মুদ্রাস্ফীতি নিয়ন্ত্রণ কৰিব নোৱাৰি-
- (ক) ঘাটি বিত্তৰ পৰিমাণৰ হ্ৰাস কৰ
- (খ) সুদৰ হাৰ হ্ৰাসকৰণ
- (গ) ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ প্ৰৱৰ্তন
- (ঘ) উৎপাদনৰ পৰিমাণ বৃদ্ধি
১৮০. তলৰ কোনটোৰ আধাৰত জাতীয় আয়ৰ গণনা কৰা হয়?
- (ক) বস্তু' আৰু সেৱাৰ প্ৰবাহ
- (খ) উৎপাদনৰ উপাদানৰ আয়ৰ প্ৰবাহ
- (গ) সমগ্র ব্যয়ৰ প্ৰবাহ
- (ঘ) ওপৰৰ সকলো কেইটা
Indian Economy GK in Assamese
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- Indian GK 1000+
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হয় ।।। প্ৰশ্ন নব্মৰটো comment কৰি দিয়ে যেন।