Directional problems//দিশসম্পর্কীয় সমস্যা

Popup Iframe Example

Directional problems:দিশ সম্পর্কীয় সমস্যা:

WhatsApp Group Join Now
Telegram Group Join Now

দিশ সম্পর্কীয় প্রশ্নত আমাক সঠিক দিশটো নির্ণয় কৰিবলৈ দিয়া হয়। কেতিয়াবা ইয়াৰ লগত দূৰত্বও নিৰ্ণয় কৰিবলৈ দিয়া হয়। এনেধৰণৰ প্ৰশ্নৰদ্বাৰা ছাত্ৰ-ছাত্ৰীৰ দিশৰ জ্ঞান, দূৰত্বৰ জ্ঞান, অনুসৰণ কৰিব পৰা ক্ষমতা আদিৰ জোখ লোৱা হয়।

প্রধান দিশ আৰু গৌণ দিশ:

N উত্তৰ E পূৱ
S দক্ষিণ W পশ্চিম
NE উত্তৰ পূৱNW উত্তৰ পশ্চিম
SE দক্ষিণ পূৱSW দক্ষিণ পশ্চিম

Important notes:

  • সূর্যোদয়ৰ সময়ত পূৱ দিশে মুখ কিৰ থিয় হৈ থকা মানুহজনৰ ছাঁ পৰিব পশ্চিমফালে।
  • সূর্যাস্তৰ সময়ত সকলো বস্তুৰ ছাঁ পৰিব পূৱফালে।
  • সূর্যোদয়ৰ সময়ত উত্তৰ মুৱাকৈ থিয় হৈ থকা মানুহজনৰ ছাঁ পৰিব তেওঁৰ বাওঁফালে আৰু সূর্যাস্তৰ সময়ত একে মানুহজনৰ ছাঁ পৰিব তেওঁৰ সোঁফালে।
  • দুপৰীয়া 12:00 বজাত বস্তুবোৰৰ কোনো ছাঁ নাথাকে।
  • বাওঁফালে ঘূৰা গড়ীৰ কাটাৰ দিশে ঘূৰা (clockwise turn)
  • সোঁফালে ঘূৰা গড়ীৰ কাটাৰ বিপৰীত দিশে ঘূৰা (anticlockwise turn)

সমাধান:

1. A ই উত্তৰ দিশে 20 মিটাৰ খোজকাঢ়ি তাৰ পিছত সোঁফালে ঘূৰি 30 মি. গ'ল। তাৰপিছত আকৌ সোঁফালে ঘূৰি 35 মি. গ'ল। শেষত পুনৰ বাওঁফালে ঘূৰি 15 মিটাৰ খোজকাঢ়িলে। এতিয়া তেওঁ আৰম্ভ কৰা ঠাইৰ পৰা কোন দিশত আৰু কিমান দূৰত আছে-

  • (a) 45 মি. পূৱ
  • (b) 30 মি. পূৱ
  • (c) 30 মি. পশ্চিম
  • (d) 15 মি. পশ্চিম

উত্তৰ : (a) 45 মি. পূৱ

2. এদিন আবেলি ৰীতা আৰু গীতাই পৰস্পৰে মুখা- মুখি হৈ কথা পাতি আছিল। যদি গীতাৰ ছাঁটো গীতাৰ সোঁফালে পৰি আছিল, তেনেহ'লে ৰীতাই কোন দিশে মুখ কৰি আছিল?

  • (a) পূৱ
  • (b) পশ্চিম
  • (c) উত্তৰ
  • (d) দক্ষিণ

উত্তৰ: (d) দক্ষিণ: কাৰণ আবেলি সূর্য পশ্চিমত থাকে আৰু সকলো ছাঁ পূৱ দিশত পৰে। যিহেতু গীতাৰ ছাঁটো তাইৰ সোঁফালে আছিল গতিকে তাই উত্তৰমুৱা হৈ আছে। সেয়েহে ৰীতাই তাইৰ মুখামুখি হ'বলৈ দক্ষিণমূৱা হৈ থাকিব।

3. এজন ল'ৰাই উত্তৰ দিশত কিছুদূৰ চাইকেল চলাই বাওঁফালে ঘূৰিলে আৰু 1 কি.মি. গ'ল। তাৰ পিছত আকৌ বাওঁফালে ঘূৰি 2 কি.মি. গ'ল। এতিয়া সি নিজকে আৰম্ভ কৰা ঠাইৰ পৰা 1 কি.মি. পশ্চিমত পালে। প্রথমে তেওঁ উত্তৰ দিশত কিমান দূৰ গৈছিল?

  • (a) 1 কি.মি.
  • (b) 2 কি.মি.
  • (c) 3 কি.মি.
  • (d) 5. কি.মি.

উত্তৰ: (b) 2 কি.মি.

4. Kই Lৰ পৰা দক্ষিণ-পশ্চিম দিশত 40 মিটাৰ দূৰত আছে। যদি M-এ Lৰ পৰা দক্ষিণ-পূৱ দিশত 40 মিটাৰ দূৰত থাকে, তেন্তে M-K ৰ পৰা কোন দিশত আছে?

  • (a) পূৱ
  • (b) পশ্চিম
  • (c) উত্তৰ
  • (d) দক্ষিণ

উত্তৰ: (a) পূৱ

5. যদি দক্ষিণ-পশ্চিম দিশটোক উত্তৰ বুলি ধৰা হয় আৰু উত্তৰ-পূৱক পশ্চিম বুলি ধৰা হয়, তেতিয়া পশ্চিম দিশটোক কি বুলি ধৰা হ'ব?

  • (a) উত্তৰ পূৱ
  • (b) উত্তৰ পশ্চিম
  • (c) দক্ষিণ পূৱ
  • (d) দক্ষিণ পশ্চিম

উত্তৰ: (c) দক্ষিণ পূৱ

Leave a Comment

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese