প্ৰথম অসমৰ চলচ্চিত্ৰ:
Assamese films GK
1. প্ৰথম অনা অসমীয়া শিল্পীয়ে একক কণ্ঠত গীত পৰিৱেশন কৰা অসমীয়া ছবি-
উত্তৰ: 'এৰা বাটৰ সুৰ'। এইখন ছবিত 'জোনাকৰে ৰাতি অসমীৰে মাটি' গীতটিত কণ্ঠদান কৰিছিল লতা মংগেশকাৰে।
2. প্ৰথম অসমত দৃশ্যগ্রহণ হোৱা হিন্দী চলচ্চিত্র:
উত্তৰ: 'য়ে গুলিস্তা হামাৰা' (১৯৭২)। পৰিচালকঃ আত্মাৰাম।
3. প্ৰথম অসমৰ বাহিৰৰ শিল্পীয়ে অভিনয় কৰা অসমীয়া ছবিঃ
উত্তৰ: 'এৰা বাটৰ সুৰ' (১৯৫৬)। বলৰাজ সাহানিয়ে এইখন ছবিত অতিথি শিল্পীৰূপে অভিনয় কৰিছিল। পৰিচালকঃ ভূপেন হাজৰিকা।
4. প্ৰথম অসমীয়া চলচ্চিত্ৰৰ পৰিচালক:
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালা।
5. প্ৰথম অসমীয়া চলচ্চিত্ৰৰ লং প্লেয়িং গ্রামোফোন ৰেকৰ্ডঃ
উত্তৰ: 'চিক্লিক্ বিজুলী' (১৯৬৯)। পৰিচালকঃ ভূপেন হাজৰিকা।
6. প্ৰথম অস্কাৰৰ মনোনয়নৰ (বিদেশী ভাষা ছবি শিতান) বাবে নির্বাচিত অসমীয়া ছবিঃ
উত্তৰ: 'ভিলেজ ৰকষ্টাৰ্ছ' (২০১৮)। পৰিচালকঃ ৰীমা দাস।
7. প্ৰথম আটাইতকৈ কম চৰিত্ৰৰে নিৰ্মিত অসমীয়া ছবি:
উত্তৰ: 'দি ছিক্সথ ডে অব্ ক্রিয়েছন' (২০০৫)। পৰিচালক: দীপা ভট্টাচার্য। ছবিখনৰ চৰিত্ৰ মাত্ৰ তিনিটা।
8. প্ৰথম আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ শ্ৰেষ্ঠ শিল্পীৰ সন্মান লাভ কৰা অভিনেতা:
উত্তৰ: ইন্দ্র বণিয়া, ১৯৮৭ ('হালধীয়া চৰায়ে বাওধান খায়')।
9. প্ৰথমআন্তর্জাতিক সম্মান লাভ কৰা ছবি:
উত্তৰ: 'হালধীয়া চৰায়ে বাওধান খায়' (১৯৮৭)। ছবিখন লোকার্ণো আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত প্রদর্শিত হোৱাৰ উপৰি মহোৎসৱৰ দ্বিতীয় শ্রেষ্ঠ ছবিৰূপে নির্বাচিত হয়।
10. প্ৰথম আমোদকৰ মুক্ত অসমীয়া ছবি:
উত্তৰ: 'কেঁচাসোণ' (১৯৫৯)। পৰিচালকঃ ফণী শর্মা।
11. প্ৰথম আংশিক ৰম্ভীন ছবিঃ
উত্তৰ: 'শকুন্তলা' (১৯৬১)। পৰিচালক:: ভূপেন হাজৰিকা।
12. প্ৰথম ইণ্ডিয়ান পেনোৰামাত প্রদর্শিত অসমীয়া চলচ্চিত্রঃ
উত্তৰ: 'সন্ধ্যাৰাগ' (১৯৭৭)। পৰিচালক: ভবেন্দ্র নাথ শইকীয়া।
13. প্ৰথম ইণ্ডিয়ান পেনোৰামাৰ উদ্বোধনী ছবিৰ সন্মান লাভ কৰা অসমীয়া ছবিঃ
উত্তৰ: ৰাগ-বিৰাগ' (১৯৯৬)। পৰিচালকঃ বিদ্যুৎ চক্রবর্তী।
14. প্ৰথম ইষ্টমেন কালাৰৰ অসমীয়া চলচ্চিত্রঃ
উত্তৰ: 'আজলী নবৌ' (১৯৮০)। পৰিচালক: নিপ বৰুৱা।
15. প্ৰথম উপন্যাসৰ আধাৰত নিৰ্মিত অসমীয়া ছবিঃ
উত্তৰ: 'মনোমতী' (১৯৪১)। পৰিচালকঃ ৰোহিণী কুমাৰ বৰুৱা।
16. প্ৰথম কাৰ্বি ছবিঃ
উত্তৰ: 'জিৰছং' (১৯৮৭)। পৰিচালক: প্রফুল্ল শইকীয়া।
17. প্ৰথম চলচ্চিত্র:
উত্তৰ: 'জয়মতী'। ১৯৩৫ চনৰ ১০ মাৰ্চত কলকাতাৰ ৰাওনাক চিত্রগৃহত (বর্তমানৰ জ্যোতি চিনেমা) আৰু সেই বছৰৰে ২০ মাৰ্চত গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ছবিখনে মুক্তি লাভ কৰে।
18. প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা:
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালা।
19. প্ৰথম চলচ্চিত্ৰ পৰিচালক:
উত্তৰ: প্রমথেশ বৰুৱা। ১৯৩৪ চনতে প্রমথেশ বৰুৱাই 'দেবদাস' (বাংলা) পৰিচালনা কৰিছিল।
20. প্ৰথম চলচ্চিত্ৰৰ অভিনেত্রী:
উত্তৰ: আইদেউ সন্দিকৈ আৰু মোহিনী ৰাজকুমাৰী ('জয়মতী', ১৯৩৫)।
Assamese films GK
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- English Grammar
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হ'লে ।।। প্ৰশ্ন নব্মৰটো comment কৰি