21. জাহ্নু বৰুৱাই পৰিচালনা কৰা কোনখন হিন্দী ছবিয়ে আন্তঃৰাষ্ট্ৰীয় ফিপ্রেস্কি (FIPRESCI) বঁটা আৰু কোডাক ভিছন বঁটা লাভ কৰে?
উত্তৰ: 'মেইনে গান্ধীকো নেহী মাৰা' (২০০৬ চনত)
22. ৰসৰাজ লক্ষীনাথ বেজবৰুৱাৰ 'বুটী আইৰ সাধুৰ' চাৰিটি সাধুকথাৰ আলমত নির্মিত ছবিখনৰ নাম কি আছিল?
উত্তৰ: 'কথানদী' পৰিচালক ভাস্কৰ হাজৰিকা
23. 'ভিলেজ ৰকষ্টাৰ্ছ' ছবিখন পৰিচালনা কোন?
উত্তৰ: ৰীমা দাসৰ (২০১৮ চনত)
24. ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাৰে সন্মানিত প্ৰথমখন অসমীয়া শ্ৰেষ্ঠ ছবিৰ নাম কি?
উত্তৰ: ১৯৮৭চনত জাহ্নু বৰুৱাৰ পৰিচালনাৰ 'হালধীয়া চৰায়ে বাওধান'
25. ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাৰে সন্মানিত দ্বিতীয়খন অসমীয়া শ্ৰেষ্ঠ ছবিৰ নাম কি?
উত্তৰ: 'ভিলেজ ৰকষ্টাৰ্ছ'
26. শ্রেষ্ঠ মিচিং ভাষাৰ ছবিখনৰ নাম কি?
উত্তৰ: বিশ্বজিৎ বৰাৰ পৰিচালনাৰ 'বুম্বা ৰাইড'
27. অসমৰ জনগোষ্ঠীয় ভাষাবোৰৰ ভিতৰত সর্বাধিক ছবি নির্মাণ কৰা ভাষাটো কোনটো?
উত্তৰ: বড়ো ভাযাত
28. বড়ো ভাযাত প্ৰথম চলচ্চিত্রখনযৰ নাম কি?
উত্তৰ: 'ডায়না'(১৯৮৪ চনত)
29. বড়ো ভাষাত নির্মিত প্রথমখন পূৰ্ণ দৈৰ্ঘ্যৰ ছবিখনৰ নাম কি?
উত্তৰ: 'আলয়াৰণ'-এ ১৯৮৬ চনত মুক্তিলাভ কৰে।পৰিচালক জাংদাও বডোচা।
30. কাৰ্বি ভাষাত নির্মিত প্রথমখন ছবিখনৰ নাম কি?
উত্তৰ: 'জিৰচং'-এ ১৯৮৭ চনত মুক্তিলাভ কৰে । পৰিচালক প্রফুল্ল শইকীয়া।
31. অসমত প্রথম তথ্যচিত্ৰ নিৰ্মাণ কৰা ব্যক্তিগৰাকী কোন ?
উত্তৰ: সম্ভৱতঃ কমল নাৰায়ণ চৌধুৰী।
'অসমৰ পাট আৰু মুগা শিল্প' নামৰ তথ্যচিত্ৰখন সম্ভৱতঃ প্রথম অসমীয়া তথ্যচিত্র।
32. অসমীয়া তথ্যচিত্ৰৰ ইতিহাসত শ্রেষ্ঠ চুটি ছবিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত কৰা একমাত্র অসমীয়া ছবিখনৰ নাম কি?
উত্তৰ: পৰিচালক গৌতম বৰাৰ 'ছনছ অব্ আব 'টানিঃ দা মিছিংছ' (১৯৯১)
33. অৰণ্যমানৱ যাদৱ পায়েঙৰ জীবন কাহিনীভিত্তিক নিৰ্মিত তথ্যচিত্ৰখনৰ নাম কি?
উত্তৰ: 'ফৰেষ্ট মেন' । কানাডিয়ান পৰিচালক উইলিয়াম ডগলাছ মেকমাষ্টাৰে।
34. অসমৰ বিলুপ্তপ্রায় বন গাহৰিক বিষয়বস্তু হিচাপে লৈ নিৰ্মিত তথ্যচিত্ৰখনৰ নাম কি?
উত্তৰ: ডেনিয়েল ট্রেভানৰ পৰিচালনাৰ 'ডুৰেলছ আণ্ডাৰহগ' ।
35. অসমত কার্টুন ছবি বা এনিমেশ্বন নিৰ্মাণৰ পৰম্পৰা আৰম্ভ হৈছিল?
উত্তৰ: ১৯৮৯ চনত।
36. অসমত কার্টুন ছবি বা এনিমেশ্বন বাটকটীয়া ছবিখন আছিল?
উত্তৰ: মানবেন্দ্ৰ কুমাৰ বৰুৱাই নিৰ্মাণ কৰা 'পৰিণাম'।
38. কম্পিউটাৰৰ সহায়ত নিৰ্মাণ কৰা অসমৰ প্ৰথম কার্টুন ছবিখনৰ নাম কি?
উত্তৰ: 'বুবুৰ সপোন' (২০০১ চনৰ)
39. অসমৰ প্ৰথম পূর্ণাংগ কার্টুন ছবিখনৰ নাম কি?
উত্তৰ: 'বুবুৰ সপোন' (২০০১ চনৰ) ১৩ মিনিট ৪০ ছেকেণ্ড দৈৰ্ঘ্যৰ এই এনিমেশ্বন ছবিখন ২০০২ চনত গুৱাহাটী দূৰদৰ্শনযোগে সম্প্ৰচাৰিত হৈছিল।
40. জীৱনীমূলক প্রথমখন অসমীয়া এনিমেশন ছবিৰ নাম কি?
উত্তৰ: 'সর্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ'। মঞ্জু বৰাৰ পৰিচালনাত ২০১৬ চনত নির্মাণ হয়
Assamese films GK
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- English Grammar
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হ'লে ।।। প্ৰশ্ন নব্মৰটো comment কৰি