অতি চমু প্ৰশ্ন আৰু উত্তৰ:
Assamese films GK
1. প্রথম ভাৰতীয় সবাক চলচ্চিত্র খনৰ নাম কি?
উত্তৰ: 'আলম আৰা'ই (১৯৩১)
2. প্রথম অসমীয়া চলচ্চিত্র খনৰ নাম কি?
উত্তৰ: 'জয়মতী' (১৯৩৫)
3. প্রথম অসমীয়া চলচ্চিত্র 'জয়মতী'ৰ পৰিচালক কোন?
উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালা
4. 'জয়মতী' চলচ্চিত্র কোনখন নাটক আধাৰত জ্যোতি-প্রসাদ আগৰৱালা নিৰ্মাণ কৰিছিল ?
উত্তৰ: অসমৰ সু-সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ 'জয়মতী কুঁৱৰী' নামৰ নাটকখনৰ আধাৰত জ্যোতি-প্রসাদ আগৰৱালাঢ়'জয়মতী' চলচ্চিত্র নিৰ্মাণ কৰিছিল।
5. 'চিত্রবন'কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: ১৯৩৪ চনত বিশ্বনাথ চাৰিআলিৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত 'চিত্রবন' ষ্টুডিঅ নিৰ্মাণ কৰিছিল।
6. অসমৰ প্ৰথমখন চলচ্চিত্ৰ 'জয়মতী'য়ে কোন চনত মুক্তি লাভ কৰিছিল?
উত্তৰ: ১৯৩৫ চনৰ ১০ মাৰ্চত কলকাতাৰ ৰাওনাক চিত্রগৃহত (বৰ্তমানৰ জ্যোতি চিনেমা) আৰু সেই বছৰৰে ২০ মাৰ্চত গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত চিত্ৰলেখা মুভিটোনৰ প্ৰযোজনাত আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনাত অসমৰ প্ৰথমখন চলচ্চিত্ৰৰূপে 'জয়মতী'য়ে মুক্তি লাভ কৰে।
7. 'জয়মতী'ৰ নাম চৰিত্ৰটোত কোনে অভিনয় কৰিছিল?
উত্তৰ: আইদেউ সন্দিকৈয়ে।
8. অসমৰ দ্বিতীয়খন চলচ্চিত্র নাম কি আছিল?
উত্তৰ: ইন্দ্রমালতী' (১৯৩৯ চনত) আছিল অসমৰ দ্বিতীয়খন চলচ্চিত্র আৰু প্রথম অসমীয়া সামাজিক চলচ্চিত্র।
9. এতিয়ালৈকে সর্বাধিক ছবি পৰিচালনা কৰা অসমৰ পৰিচালক জনৰ নাম কি?
উত্তৰ: নিপ বৰুৱা (১৪খন)
10. ডঃ ভূপেন হাজৰিকাই প্রথম পৰিচালনা কৰা ছবিখনৰ নাম কি?
উত্তৰ: 'এৰা বাটৰ সুৰ' (১৯৫৬)।
11. ডঃ ভূপেন হাজৰিকাই ৰাষ্ট্ৰীয় পৰ্যায়ত শ্রেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰা ছবিখন কোনখন?
উত্তৰ: 'চামেলি মেমচাব' (১৯৭৫)
12. প্রথম অসমীয়া হাস্য- ব্যংগ ৰসাত্মক ছবিখন কোনখন?
উত্তৰ: 'ইটো সিটো বহুতো' (১৯৬৩ চনত নিৰ্মিত ব্ৰজেন বৰুৱাৰ)
13. প্রথম অসমীয়া ৰঙীণ ছবিখন নাম কি?
উত্তৰ: 'ভাইটি' (১৯৭২, কমল চৌধুৰী) নির্মাণ হয়।
14. প্রথম অসমীয়া চুটি ছবি শিতানত শ্রেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ছবিখন নাম কি?
উত্তৰ: ৰঞ্জিত দাসৰ 'অল এল'ন ইফ নীড বি' (All Alone If Need Be) (১৯৯৫ চনত)
15. ইণ্ডিয়ান পেনোৰামাৰ উদ্বোধনী ছবিৰ সম্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখন নাম কি?
উত্তৰ: বিদ্যুৎ চক্রবতীৰ 'ৰাগ- বিৰাগ'
16. মামণি ৰয়ছম গোস্বামীব 'পঁতাল হাতীৰ উঁয়ে খোৱা হাওদা' নামৰ উপন্যাসখনৰ কাহিনীৰ আধাৰত নির্মিত ছবিখন নাম কি?
উত্তৰ: ডাঃ সান্ত্বনা বৰদলৈৰ 'অদাহ্য'।(১৯৯৭ চনত)
17. গোৱালপৰীয়া লোকগীতৰ বিশিষ্ট শিল্পী প্রতিমা পাণ্ডেৰ জীৱনৰ আধাৰত নির্মিত ছবিখন নাম কি?
উত্তৰ: 'হস্তীৰ কন্যা'। এই তথ্যচিত্ৰখনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্রেষ্ঠ জীবনীমূলক তথ্যচিত্ৰৰ বঁটা লাভ কৰে।
18. বিদেশত দৃশ্যগ্ৰহণ কৰা প্রথম অসমীয়া ছবিখন নাম কি?
উত্তৰ: 'যুগান্তৰৰ তেজাল পুৱা' (সঞ্জীৱ হাজৰিকা পৰিচালিত)
19. শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় বঁটা অর্জন কৰা অসমৰ প্ৰথম গৰাকী শিল্পী কোন?
উত্তৰ: তৰালি শৰ্মা (২০০৪)
20. তৰালি শৰ্মাই শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় বঁটা (২০০৪) অর্জন কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন?
উত্তৰ: মঞ্জু বৰা পৰিচালিত 'আকাশীতৰাৰ কথাৰে'
Assamese films GK
Important Topics:
- Assam Gk: (Assam History, Geography, Political, Economic, Education, National Park and Sanctuaries, River, Sport, etc...)
- English Grammar
Quiz:
অজানিতে যদিও কোনো প্ৰশ্নৰ উত্তৰ ভূল হ'লে ।।। প্ৰশ্ন নব্মৰটো comment কৰি