1000+ Assam History GK in Assamese //অসম ইতিহাস জি কে// A to Z Question Answers

Popup Iframe Example

প্রশ্ন : অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে?

WhatsApp Group Join Now
Telegram Group Join Now

উত্তৰ : স্বৰ্গদেউ গদাধৰ সিংহই।

প্রশ্ন : আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল?

উত্তৰ : প্রায় ছশ বছৰ। মুঠ চল্লিশজন ৰজাই ৰাজত্ব কৰিছিল।

প্রশ্ন : আহোমৰ প্ৰথম ৰজা কোন আছিল আৰু তেওঁ কিমান দিন ৰাজত্ব কৰিছিল?

উত্তৰ : চুকাফা। তেওঁ মুঠ চল্লিশ বছৰ ৰাজত্ব কৰিছিল।

প্রশ্ন : আহোমৰ প্ৰথম ৰাজধানী ক’ত আছিল?

উত্তৰ : চৰাইদেউত।

প্রশ্ন : চুকাফা কোন চনত ৰাজপাটত উঠে?

উত্তৰ : ১২২৮চনত৷

প্রশ্ন : আহোমসকলে অসমলৈ কেতিয়া আহে?

উত্তৰ : ১২২৮ চনত।

প্রশ্ন : অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখে?

উত্তৰ : আহোমসকলে।

প্রশ্ন : কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায়?

উত্তৰ : ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা ইংৰাজ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসম ব্ৰিটিছৰ অধীনলৈ যায়।

প্রশ্ন : কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল?

উত্তৰ : স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালত।

প্রশ্ন: আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল?

উত্তৰ : ইটাখুলিৰ ৰণ (১৬৮২ খ্ৰীঃ)।

প্রশ্ন : আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল?

উত্তৰ : কোঁচ ৰজাই ৰাজত্ব কৰিছিল।

প্রশ্ন : অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া পাতে?

উত্তৰ : ১৯৬৪ চনত।

প্রশ্ন : অসমলৈ মানসকলক কোনে আনিছিল ?

উত্তৰ: বদন বৰফুকনে।

প্রশ্ন : শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল?

উত্তৰ : স্বৰ্গদেউ প্রমত্ত সিংহই।

প্রশ্ন : নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাকো নিৰ্মাণ কৰিছিল?

উত্তৰ : মহাৰাজ ৰুদ্ৰসিংহই।

প্রশ্ন : অশ্বক্লান্ত আৰু দীঘ্ৰেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মান কৰা হৈছিল?

উত্তৰ : স্বৰ্গদেউ শিৱসিংহৰ দিনত।

প্রশ্ন : হিন্দুধর্ম গ্রহণ কৰা প্রথম আহোম ৰজাজন কোন আছিল ?

উত্তৰ : চুহুংমুং (দিহিঙীয়া ৰজা)

প্রশ্ন : আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি?

উত্তৰ : চুলিকফা বা ল’ৰা ৰজা। (ৰত্নধ্বজ সিংহ)

প্রশ্ন : কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্রথম বিদ্রোহ ঘোষণা কৰিছিল?

উত্তৰ : গোমধৰ কোঁৱৰে।

প্রশ্ন: ধোদৰ আলি আৰু অঁকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল ?

উত্তৰ : গদাধৰ সিংহৰ দিনত।

প্রশ্ন : স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল?

উত্তৰ : লাইকোঁৱৰ (চুখ্ৰামফা ১৬১৯-১৭১৪)

প্রশ্ন : কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহই।

প্রশ্ন : অসম বুৰঞ্জীত কাক নকল আহোম (জলম বঁটা) আখ্যা দিয়া হৈছিল?

উত্তৰ : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজমন্ত্ৰী নুমলী বৰগোহাঁইয়ে তেওঁৰ ৰচিত “চকৰি ফেঁটী” বুৰঞ্জীত কীৰ্তিচন্দ্ৰ বৰবৰুৱাক নকল আহোম আখ্যা দিছিল।

প্রশ্ন : কোনজন আহোম ৰজাই তেওঁৰ ৰাজত্ব কালত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল ?

উত্তৰ : স্বৰ্গদেউ চুখ্ৰাংফা বা ৰুদ্ৰসিংহই দিনত।

প্রশ্ন : শিৱসাগৰৰ তলাতল ঘৰ, ৰংপুৰৰ ৰংঘৰ আৰু নেঘেৰিটিঙৰ শিৱদ'ল কোনজন ৰজাই নিৰ্মাণ কৰাইছিল?

উত্তৰ : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।

প্রশ্ন : কোঁচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?

উত্তৰ: নৰনাৰায়ণ।

প্রশ্ন : বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?

উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন।

প্রশ্ন : শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল?

উত্তৰ : চক্ৰধ্বজ সিংহৰ দিনত।

প্রশ্ন : কাৰ দিনত চীনা পৰিব্রাজক হিউৱেন চাং অসমলৈ আহিছিল ?

উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত।

প্রশ্ন : মুছলমানে প্রথম অসম আক্রমণ কেতিয়া কৰিছিল?

উত্তৰ : ১২০৬ চনত

Some Relevant Topic (কিছুমান গুৰুত্বপূৰ্ণ বিষয়)

👇👇Check it 👇👇

assam general knowledge

অসমৰ সৰ্বপ্ৰথম ব্যক্তি সকলৰ আৰু অসমীয়া সাহিত্যিকসকলৰ কাক কি বুলি জনা যায় । The first persons of Assam and Who is known as the Assamese writers.

Assam Gk|| Assam Education Gk Assam History MCQ in Assamese
Assam Gk|| Assam Education Gk Assam History MCQ in Assamese